কামৰূপ, ০৭ অক্টোবৰ (হি.স.)। ৰাজ্য চৰকাৰৰ অভিলাসী অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক ভবেশ কলিতাৰ। ৰঙিয়া নগৰৰ ৬ নং ৱাৰ্ডস্থিত নৱনিৰ্মিত সংহত সমজিলা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানত ভাৰ্চুৱেলী অ্ংশগ্ৰহণ বিধায়ক গৰাকীৰ।
অনুষ্ঠানত কেবা শতাধিক মহিলা হিতাধিকাৰীৰ উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰা অনুষ্ঠানটি পোন পটিয়াকৈ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে সদ্যপ্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানত সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী প্ৰমুখ্যে বিষয়া বৰ্গ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
