যোৰহাট, ১১ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলা মহবন্ধা চাহ বাগিছাত সংঘটিত হত্যাকাণ্ডৰ ঘটনা l চাহ বাগিছাত নিশা হত্যা কৰি পেলাই থৈ গল এগৰাকী বৃদ্ধাক l অনৈতিক কাণ্ড সংঘটিত কৰিয়ে কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কুন্তি তাতি নামৰ মহিলা গৰাকীক l হত্যাকাৰীয়ে পৰিধান কৰা টুপী ৰ লগতে অন্যান্য সামগ্ৰী সহ চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত l
ঘটনা স্থলীত পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী সহ যোৰহাট জিলা উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত l চোচৰাই চোচৰাই বৃদ্ধা গৰাকীক কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্থানীয় সচেতন ব্যক্তিৰ মন্তব্য l মহবন্ধা চাহ বাগিছাত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনা স্থলীত যোৰহাট আৰক্ষীৰ বৃহত দল উপস্থিত lইতিমধ্য়ে আৰক্ষীৰ অনুসন্ধান আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
