
গুৱাহাটী, ২৪ আগষ্ট (হি.স.)। মহানগৰীৰ নিকটৱৰ্তী যোৰাবাটৰ তেৰ মাইলত অস্ত্ৰধাৰী ডকাইতৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰে। যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত তেৰ মাইলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। এঘাৰ বাৰ জনীয়া ডকাইতৰ দলে বন্দুক, পিষ্টল আৰু চোকা অস্ত্ৰ লৈ মাজনিশা দুই মান বজাত ব্যৱসায়ী দীপক হাজৰিকাৰ ঘৰৰ পৰা লুটি লৈ গ’ল মূল্যবান বৃহৎ পৰিমাণৰ আ-অলংকাৰৰ লগতে নগদ ধন।
ডকাইতৰ দলটোৱে প্ৰথমাৱস্থাত দীপক হাজৰিকাৰ কৰ্মচাৰী এজনক মাৰণাস্ত্ৰ দেখুৱাই হাত ভৰি বান্ধি মুখত ব্লেকটিপ লগাই কোঠাত বন্ধ কৰি ৰাখে। তাৰ পিছত ঘৰৰ বাকী লোকসকলক পিষ্টল চোকা অস্ত্ৰ দেখুৱাই হাত ভৰি বান্ধি মূৰত পিষ্টল টোৱাই এফালৰ পৰা সোণৰ আ-অলংকাৰ, গহণা নগদ ধন লৈ উধাও হয়।
ইপিনে ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে দীপক হাজৰিকা, হাজৰিকাৰ পত্নী, মেনেজাৰ আৰু এজন কৰ্মচাৰীক মাৰধৰ কৰে।
ব্যৱসায়ী দীপক হাজৰিকাৰ পত্নীৰ ডিঙিৰ সোণৰ চেইন হাতৰ আঙুলিৰ সোণৰ আঙুঠি পৰ্যন্ত লৈ যায়। ডকাইতৰ দলটো দীপক হাজৰিকাৰ ঘৰৰ পৰিয়ালক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰি চিচিটিভি কেমেৰা ভাঙি চিঙি লৈ যায়।
নিশাৰ ভাগতে ঘটনাস্থলীত যোৰাবাট আৰু সোণাপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
