বৰপেটা, ২০ ছেপ্টেম্বৰ (হি.স.):শোকস্তব্ধ সত্ৰনগৰী বৰপেটা । প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকত বুৰ গৈছে সমগ্ৰ অসম । অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন অৰ্থে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত যোৱাকালি শুকুৰবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে গুণমুগ্ধসকলে ।
বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সহস্র বন্তিৰে শিল্পী গৰাকীলৈ গুনমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্র দাসে বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ আত্মাক বৈকুণ্ঠ স্থান দিবলৈ ঈশ্বৰৰ ওচৰত জনালে প্ৰাৰ্থনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
