
শোণিতপুৰ, ২০ ছেপ্টেম্বৰ (হি.স.)। অসম ভাৰোত্তোলন সন্থাৰ সহযোগত শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাই আয়োজন কৰা ৫৩ সংখ্যক আন্তঃজিলা ভাৰোত্তোলন প্ৰতিযোগিতাখন প্ৰয়াত সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সামসিকভাবে স্থগিত ৰখা হৈছে ৷ ৰাজ্যিক সন্থাটোৰ চি ই অ’ ভৱজ্যোতি গোস্বামীয়ে জনোৱা অনুসৰি এতিয়া অহা অক্টোবৰ মাহতহে প্ৰতিযোগিতাৰ বাকী থকা ওজন শাখাৰ খেলসমুহ অনুষ্ঠিত হ’ব ৷
গোস্বামীয়ে লগতে জনাই যে প্ৰতিযোগিতাৰ ওজন শাখা অনুসৰি খেলুৱৈৰ পঞ্জিয়ন কিন্তু সাল-সলনি নহয় ৷
উল্লেখ্য যে তেজপুৰৰ হেম বৰুৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনত ছিনিয়ৰ পুৰুষ-মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল’ৰা-ছোৱালী উভয় শাখাৰ খেল অনুষ্ঠিত হৈছিল আৰু অসমৰ ২০ খন জিলাৰ প্ৰায় তিনিশ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ শনিবাৰে প্ৰথমদিনা মুঠ ছটা ওজন শাখাৰ খেল অনুষ্ঠিত হয় ৷
প্ৰতিযোগিতাখনত প্ৰতিটো শাখাত আঠটাকৈ মুঠ ৪৮ টা ওজন শাখাত খেল অনুষ্ঠিত হৈছে ৷ পৰৱৰ্তী সময়ত বাকী থকা ৪২ টা ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
