নতুন দিল্লী, ২০ ছেপ্টেম্বৰ (হি.স.)। ৰাজধানী দিল্লীৰ চাৰিখন বিদ্যালয়ে শনিবাৰে পুৱা বোমাৰ ভাবুকি লাভ কৰাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উভয়ৰে মাজত আতংকৰ সৃষ্টি হয়। পুৱা পুৱাই যেতিয়া বিদ্যালয় প্ৰশাসনে ভাবুকি দিয়া ইমেইলবোৰ অৱগত হোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। বোমা স্কোয়াড লৈ আৰক্ষীৰ দল আহি উপস্থিত হৈ বিদ্যালয়সমূহ খালী কৰে আৰু তালাচী অভিযান চলায়।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, আজি শনিবাৰে পুৱা ডি পি এছ দ্বাৰকা, কৃষ্ণ মডেল পাব্লিক স্কুল, সৰ্বোদয় বিদ্যালয় আৰু আন দুখন বিদ্যালয়ে ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে। ইয়াৰে নজফগড়ৰ এখন বিদ্যালয়ৰ পৰা পুৱা ৬:৩০ বজাত প্ৰথম ফোন লাভ কৰে দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে। আনহাতে দ্বিতীয়টো ফোন আহিল পুৱা ৬:৩০ বজাত, তৃতীয়টো পুৱা ৭:৩০ বজাত, চতুৰ্থটো পুৱা ৭:৪৫ বজাত মেহৰাউলীৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰা। তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত উপস্থিত হয় দিল্লী আৰক্ষীৰ দল, অগ্নিনিৰ্বাপক বাহিনীৰ দল, বোমা আৰু ডগ স্কোয়াডৰ দল।
আৰক্ষী বিষয়াগৰাকীৰ মতে, দিল্লীৰ বিদ্যালয়সমূহে বোমা বিস্ফোৰণৰ ভাবুকি পোৱা এইটোৱেই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে কেইবাখনো বিদ্যালয়ে ভাবুকি লাভ কৰিছে। সম্প্ৰতি দিল্লী আৰক্ষীৰ চাইবাৰ চেলে তদন্ত আৰম্ভ কৰিছে। ইমেইল প্ৰেৰণ কৰা ব্যক্তিৰ আই পি ঠিকনা অনুসৰণ কৰি আছে আৰক্ষীয়ে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
