বঙাইগাঁও, ০৫ ফ্ৰেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা কটাশবাৰী লৈ ৰে’ল লাইনত চলন্ত ৰে’লত একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰে। ইয়াৰ উপৰিও ৰে’ল পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তাক লৈ যোগীঘোপাৰ ৰেলৱে আৰক্ষী প্ৰশাসন চিন্তিত হৈ পৰিছে। অপৰাধ মুলক কাম কাজ আৰু দুৰ্ঘটনাৰ পৰা কি দৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে যোগীঘোপাৰ ৰেলৱে আৰক্ষী প্ৰশাসনে আয়োজন কৰিছে সজাগতা সভা।
চলন্তাপাৰা ৰে’ল আলিৰ দাঁতিতে বসবাস কৰা লোক সকলোৰ মাজত সজাগতা সভা পাতি লোক সকলক সজাগ হ’বলৈ আহ্বান জনায় যোগীঘোপাৰ ৰেলৱে প্ৰশাসনে। গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ যিহেতু দ্বৈত ৰে’ল আলি সেয়ে সঘনাই অহা যোৱা কৰে বহু ৰে’ল। সেই বিষয়ে ৰে’ললাইনৰ কাষত বসবাস কৰা লোক সকলক সজাগতা বৃদ্ধিৰ বাবে অৱগত কৰে প্ৰশাসনৰ লোক সকলে। অপৰাধ সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
