–প্ৰায় ২০ খন ট্ৰেক্টৰেৰে দিনে-নিশাই চলাইছে অবৈধ খনন কাৰ্য।
–নীৰৱ দৰ্শকৰ ভূমিকাত বিয়াগোম বন বিভাগ, স্থানীয় প্ৰশাসন।
অসম চৰকাৰৰ বিয়াগোম বন বিভাগ, স্থানীয় প্ৰশাসনে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।
বৰপেটা, ৩১ ডিছেম্বৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰতাৰী, ক্ষুদ্ৰখোৱাত মানাহ নদীৰ বুকুত ভু-মাফিয়াই অবৈধ খনন কাৰ্য অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে। নদীখনত একাংশ মাফিয়াই ভূতৰ ওপৰত দানহ পৰাদি টেক্টৰ আৰু মাটিৰ মালিকে মিলি চলাই আছে এই অবৈধ খনন কাৰ্য। স্থানীয় ৰাইজে খনন কাৰ্যত বাধা দিয়া স্বত্বেও বিশা, আতা, মফিদুল, শাজাহান, ৰফিকুল, তাহেৰ, তেওঁৰ পুত্ৰ ছাদ্দাম আৰু একাংশ ভু-মাফিয়াই ভয়-ভাবুকিৰে অবৈধভাবে খননকাৰ্য চলাই আছে।
প্ৰায় ২০ খন ট্ৰেক্টৰেদি দিনে- নিশাই অবৈধভাবে মাটি খনন কৰি বিক্ৰী কৰাৰ ফলত টোপনি নোহোৱা হৈছে জলকীয়া খেতিয়কৰ। মানাহ নদীৰ চৰত লহপহকৈ বাঢ়ি উঠা প্ৰায় এহেজাৰ বিঘা জলকীয়াৰ খেতিলৈ ভু-মাফিয়াই ভাবুকি কঢ়িয়াই অনাত শংকাত ভূগিছে খাটি খোৱা খেতিয়কসকলে। ৰাইজৰ অভিযোগ মতে বিগত কেইবাবছৰ ধৰি মানাহ নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অবৈধভাবে নদী খননৰ ফলত শ শ পৰিয়ালৰ মাটি-ভেটি, কৃষিভূমি জাহ গৈছে।
ইফালে অসম চৰকাৰৰ বিয়াগোম বন বিভাগ, স্থানীয় প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ বাবে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতিশীঘ্ৰেই অসম চৰকাৰ আৰু জিলা প্ৰশাসনক এই অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
