বলীউড অভিনেতা শ্বাহৰুখ খানৰ বহু চৰ্চিত আৰু বহু প্ৰত্যাশিত ছবি ‘ডংকি’য়ে ২১ ডিছেম্বৰত চিনেমাগৃহত মুক্তি পোৱাৰ পিছত বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছে। এতিয়া ‘ডংকি’ৰ দশম দিনৰ সংগ্ৰহৰ পৰিসংখ্যাও প্ৰকাশ পাইছে।
‘ডংকি’ৰ পূৰ্বে মুক্তি পোৱা শ্বাহৰুখৰ ছবি ‘পাঠান’ আৰু ‘জোৱান’ই বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছিল। এই ছবিবোৰৰ তুলনাত ‘ডংকি’ৰ উপাৰ্জন কম যেন লাগে। চাকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ দশম দিনটোত ‘ডংকি’ই ৯.২৫ কোটি টকা সংগ্ৰহ কৰিছে। কেৱল ভাৰতীয় বক্স অফিচত ১০ দিনত ১৭৬.৪৭ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ছবিখনে। ‘ডংকি’ই এই পৰ্যন্ত বিশ্বব্যাপী বক্স অফিচত ৩৪০ কোটি টকা সংগ্ৰহ কৰিছে।
ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত এই ছবিখনত শ্বাহৰুখ খানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নুৱে। এই ছবিখনত উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ যাব বিচৰা লোকৰ কাহিনী চিত্ৰিত কৰা হৈছে। কাহিনীটো পঞ্জাৱৰ পৰা অনুপ্ৰাণিত আৰু এইটোৱেই ৰাজকুমাৰ হিৰানীৰ শ্বাহৰুখৰ সৈতে প্ৰথম প্ৰজেক্ট।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
