গোলাঘাট, ১৯ নৱেম্বৰ (হি.স.): বোকাখাত সমজিলা প্ৰশাসন, জাতীয় দল সংগঠন, বিভিন্ন অনুষ্ঠানৰ লগতে বোকাখতীয়া ৰাইজৰ সহযোগত যোৱা কালি মঙলবাৰে সন্ধিয়া জুবিন গাৰ্গৰ জন্ম দিন পালন কৰা হয়। মুঠ ১৩০ টা দল সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ জন্ম দিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী অতুল বৰাই।
উল্লেখ্য় যে ৫৩ পাওণ্ডৰ এটা বিশাল বাৰ্থ ডে’ কেক কাটি সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ ওপজা দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মই নথকাৰ অনুভৱ শীৰ্ষক গীতৰ শ্ৰষ্ঠা আৰ এফ আকাশে। জুবিন গাৰ্গৰ কালজয়ী গীত পৰিৱেশন কৰে বোকাখাতৰ এটি সমবেত সংগীতৰ দলে। বোকাখাতত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিবৰ বাবে বিধায়ক পূঁজিৰ পৰা ১০ লাখ টকা আগবঢ়োৱা কথা অৱগত কৰে মন্ত্ৰী অতুল বৰাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
