কোকৰাঝাৰ, ০৮ জুলাই (হি.স.): বিটিচিত পাৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন ৰাজনৈতিক দলৰ লগতে তৎপৰ হৈছে বিপিএফ দলেও। গাঁঞে ভূঁঞে বিপিএফে নিৰ্বাচনী সভা পাতিছে।
৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ২নং হাউৰিয়াপেট গাঁৱত কালি সন্ধিয়া অনুষ্ঠিত হয় নিৰ্বাচনী সভা। সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা পঞ্চাশ জনৰো অধিক পুৰুষ মহিলা বিপিএফ তথা হাগ্ৰামা মহিলাৰিৰ নীতি আদৰ্শক ভাল পাই বিপিএফত যোকদান কৰে। উক্ত সভাত পিএমবিৰ সদস্য দ্ৰৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, গোঁসাইগাঁও জিলাৰ সংখ্যালুগু মৰ্চাৰ সভপতিকে ধৰি জিলা পৰ্যায়ৰ বিভিন্ন পদত থকা নেতা কৰ্মী উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
