ধুবুৰী, ০৩ জানুৱাৰী (হি.স.)। এফালে স্মাৰ্ট মিটাৰ সংযোজন কৰি বিদ্যুৎ গ্ৰাহক ৰাইজক মাধমাৰ সোধাইছে বিদ্যুৎ বিভাগে। আনফালে বিপদ সংকুল ভাবে বাঁহৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি বিদ্যুৎ সৰবৰাহ কৰি আহিছে বিদ্যুৎ যোগান।
বিলাসীপাৰাৰ পশুৱাৰ খাল গাঁৱত দেখা গৈছে এই দৃশ্য। অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিতৰ বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনস্থ পশুৱাৰ খাল গাঁৱত বিপদ সংকুল ভাবে সৰবৰাহ কৰি আহিছে বিদ্যুৎ যোগান।
বাঁহৰ খুঁটাত বিদ্যুৎ তাঁৰ সংযোগ কৰি বিদ্যুৎ সৰবৰাহ কৰি অহা কাৰ্যত শংকাত ভুগিছে গঞা ৰাইজে। এনে বিদ্যুৎ সৰবৰাহ ব্যৱস্থাত যি কোনো সময়ত গাঁও খনত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকাত ভুগিছে গঞা ৰাইজে। সেয়ে অতি শীঘ্ৰে বাঁহৰ খুটা বোৰ আঁতৰাই পকী খুটাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
