ছিডনী, ১৯ নৱেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ একক ইভেণ্টৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ এইচ. এছ প্ৰণয়, আয়ুষ শ্বেট্টী আৰু থাৰুণ মান্নেপল্লীয়ে আকৰ্ষণীয় জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত স্থান দখল কৰে।
২০২৩ চনৰ ৰানাৰ্ছ আপ এইচ. এছ প্ৰণয়ে দুৰ্বল আৰম্ভণিৰ পৰা উভতি আহি বিশ্বৰ ৮৫ নম্বৰ স্থান জোহানেছ ছট মাৰ্চেলিনোক ৬-২১, ২১-১২, ২১-১৭ ব্যৱধানত পৰাস্ত কৰে। ৫৭ মিনিটত খেলখনত জয়লাভ কৰাৰ পাছত এতিয়া প্ৰণয়ে অষ্টম ছিড ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ’ব।
ইফালে বিশ্বৰ ৩২ নম্বৰ স্থানত থকা আয়ুষ শ্বেট্টীয়েও সুন্দৰ প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ৩৩ মিনিটত কানাডাৰ ছেম ইউয়ানক ২১-১১, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। ২০ বছৰীয়া আয়ুষে এতিয়া চতুৰ্থ বাচনিৰ জাপানৰ কোদাই নাৰাওকা আৰু কানাডাৰ জিয়াওডং শ্বেঙৰ মাজত বিজয়ী জনৰ সৈতে মুখামুখি হ’ব।
ইফালে, ডেনমাৰ্কৰ মেগনাছ জোহানচেনৰ বিৰুদ্ধে ২১-১৩, ১৭-২১, ২১-১৯ ব্যৱধানত কঠিন যুঁজত জয়লাভ কৰে থাৰুণ মান্নেপালিয়ে। ৬৬ মিনিটৰ খেলৰ অন্তত এতিয়া মন্নেপল্লীয়ে পঞ্চম বাচনিৰ চাইনিজ টাইপেইৰ লিন চুন-য়িৰ মুখামুখি হ’ব।
ভাৰতৰ কিৰণ জৰ্জেও দৃঢ় মনোভাৱ প্ৰদৰ্শন কৰিছিল যদিও ষষ্ঠ বাচনিৰ কেন্টা নিছিমোটোৰ হাতত ২১-১১, ২২-২৪, ১৭-২১ ব্যৱধানত পৰাস্ত হৈ বাহিৰ হয়।
লক্ষ্য সেন আৰু কিদাম্বী শ্ৰীকান্তে দিনটোৰ পিছত নিজ নিজ মেচ খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
