বিশ্বনাথ, ০১ জানুৱাৰী (হি.স.): বিশ্বনাথ জিলাবাসী ও অসমবাসীলৈ বিশ্বনাথ আৰক্ষীৰ তৰফৰ পৰা নৱ বৰ্ষৰ শুভেচ্ছা জনাইছে । লগতে পথ সুৰক্ষা তথা যানবাহন আইন মানিবলৈ আহ্বান জনাইছে। সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো নৱ বৰ্ষ আদৰিবলৈ বিভিন্ন জনে বিভিন্ন পৰিকল্পনা কৰে ৷
এইক্ষেত্ৰত বনভোজ প্ৰিয় ৰাইজ আৰু চালক আৰোহীলৈ পথ সুৰক্ষাৰ লগতে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। বিশ্বনাথত এই সময়ছোৱাত নতুন বৰ্ষক আদৰণি জনাবলৈ বিভিন্ন জনলৈ পথ সুৰক্ষাৰ লগতে যান বাহন আইন মানি চলিবলৈ জিলাবাসীক বিশেষ আহ্বান জনাইছে জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰীয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
