


কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই আজি উপস্থিত হৈ দ্বিতীয় পৰ্যায়ৰ বিশ্বাস যাত্ৰাৰ অংশ হিচাপে আয়োজন কৰা বাইক ৰেলী সম্পন্ন কৰে। “বেটী বচাও, বেটী পড়াও” উদ্যোগৰ অন্তৰ্গত অনুষ্ঠিত হোৱা বিশ্বাস যাত্ৰাৰ মূল লক্ষ্য আছিল জিলা সমুহত মহিলাৰ সুৰক্ষা, সন্মান আৰু সৱলীকৰণৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু সজাগতা বিস্তাৰ কৰা।
বিশ্বাস যাত্ৰাৰ অংশস্বৰূপে আজি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক মহিলা আয়োগ, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু মহিলা আৰু শিশুকল্যাণ বিভাগৰ যৌথ সহযোগিতাত আৰু সংকল্প- মহিলা সৱলীকৰণ কেন্দ্ৰ, কোকৰাঝাৰৰ সহায়ত এখন জিলা-স্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত জিলা অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মা, সদস্য সচিব অন্তৰা গগৈ, আয়োগৰ সদস্যা হিমানী অধিকাৰী, প্ৰশাসনৰ বিসয়া আদি উপস্থিত থাকে।
বৈঠকখনত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই মহিলাসকলৰ সমতা আৰু সুৰক্ষাৰ দিশটোক অগ্ৰাধিকাৰ প্ৰদান কৰি জিলাখনৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত আভ্যন্তৰীণ অভিযোগ সমিতি(ICC) আৰু স্থানীয় অভিযোগ সমিতি(LCC) আদি বোৰৰ গঠন আৰু কাৰ্যকৰীকৰণ আৰু লগতে জিলা, সমজিলা আৰু খণ্ড পৰ্যায়ৰ মহিলা কোষৰ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত সবিস্তাৰে আলোচনা কৰে৷ তেওঁ মহিলাৰ সমতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত তৃণমূলৰ বিষয়সমূহক গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ৷ মহিলাসকলৰ সুৰক্ষা, সন্মান আৰু সৱলীকৰণৰ বাবে অনাগত দিনত অসম ৰাজ্যিক মহিলা আয়োগ আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি তেওঁ কয়।
ইয়াৰ পিছত ছোৱালী মহাবিদ্যালয়, কোকৰাঝাৰত জিলা-স্তৰীয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। তাত শিশু উন্নয়ন বিভাগৰ আধিকাৰী (সিডিপিঅ’), আঙনৱাড়ী কৰ্মী আৰু সাহায্যিকা, কিশোৰী সেৱিকা দল, জীৱিকা সখী, আৰক্ষী, মহাবিদ্যালয়ৰ ছাত্ৰী আদিয়ে অংশগ্ৰহণ কৰে। অধ্যক্ষা আঙুৰলতা ডেকাই কয় যে ‘বিশ্বাস যাত্ৰা’ৰ মূল লক্ষ্য সমূহ- লিংগ সমতা, মহিলাৰ ওপৰত হোৱা হিংসা প্ৰতিৰোধ, মহিলা আৰু ছোৱালী সকলৰ বাবে উপলব্ধ কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।
ইয়াৰ আগতে অসম ৰাজ্যিক মহিলা আয়োগৰ দলটোৱে অধ্যক্ষাৰ নেতৃত্বত কোকৰাঝাৰ জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। কোকৰাঝাৰ জিলা কাৰাগাৰত কৰ্মৰত মহিলা আৰক্ষী তথা কৰ্মচাৰী আৰু বিভিন্ন অপৰাধত কাৰাবাস খাটি থকা মহিলা সকলে যাতে দেশৰ আইন অনুসৰি কাৰাগাৰৰ ভিতৰত পৰ্যাপ্ত সুবিধা সমূহ লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়ে কাৰাগাৰ কৰ্তৃপক্ষৰ লগত এক আলোচনাত মিলিত হয়। জিলা কাৰাগাৰৰ ভিতৰত মহিলা কয়দী সকলৰ লগত মতবিনিময় কৰি তেখেতসকলৰ বাবে এটা স্বাস্থ্যকৰ পৰিবেশ নিশ্চিত কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক জনাই। আৰু জিলা প্ৰশাসনৰ বিষয়াৰ লগত তেওঁলোকে কোকৰাঝাৰ জিলাৰ ‘সখী’-একক অৱস্থান কেন্দ্ৰৰ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী তথা একক অৱস্থান কেন্দ্ৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা ভুক্তভোগী সকলৰ লগত অধ্যক্ষাই মতবিনিময় কৰি মানসিক ভাৱে শক্তিশালী হ’বলৈ প্ৰেৰণা যোগাই আৰু তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ যুঁজ খনত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
