নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। বৰ্ষ ২০২৫ৰ পিছত ভাৰতীয় হকী দলটোৱে উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ সৈতে ব্যস্ত ২০২৬ বৰ্ষত নামি পৰিছে। এফ আই এইচ হকী বিশ্বকাপত দলটোৱে শক্তিশালী প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত খিতাপ ৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।
সফল প্ৰত্যাৱৰ্তনৰ পিছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰা হিৰো হকী ইণ্ডিয়া লীগ (হিৰো এইচ আই এল)ৰ দ্বিতীয় ছিজনৰ পৰা আৰম্ভ হ’ব নতুন বছৰৰ। অহা ১০ জানুৱাৰীত ৰাঁচীত মহিলা হিৰো এইচ আই এলৰ সামৰণি পৰিব, আনহাতে পুৰুষৰ হিৰো এইচ আই এল ৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।চেন্নাই, ৰাঞ্চি, আৰু ভুৱনেশ্বৰত খেল অনুষ্ঠিত হ’ব আৰু চূড়ান্ত খেলখন ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
ঘৰুৱা ছিজনৰ পিছত ভাৰতীয় পুৰুষ দলটোৱে এফ আই এইচ প্ৰ’ লীগৰ ভাৰতীয় লেগত অংশগ্ৰহণ কৰিব। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ৰৌৰকেলাৰ বিৰছা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেলসমূহৰ পিছত দলটোৱে ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অষ্ট্ৰেলিয়াত বাকী থকা প্ৰ’ লীগৰ খেলসমূহ খেলিব। জুন মাহত নেদাৰলেণ্ড আৰু যুক্তৰাজ্যত অনুষ্ঠিত হ’ব প্ৰ’ লীগৰ চূড়ান্ত খেল।
ভাৰতীয় মহিলা হকী দলটোৱে মাৰ্চ মাহত এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। অহা ৮ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ কোৱালিফায়াৰত খেলিব। এই প্ৰতিযোগিতাখনেই হ’ব ২০২৬ চনৰ এফ আই এইচ মহিলা হকী বিশ্বকাপ (বেলজিয়াম আৰু নেদাৰলেণ্ড)ৰ বাবে যোগ্যতা অৰ্জনৰ শেষ সুযোগ। ইংলেণ্ড, স্কটলেণ্ড, কোৰিয়া, ইটালী, উৰুগুৱে, ৱেলছ, অষ্ট্ৰিয়াৰ দৰে শক্তিশালী দলে এই কোৱালিফায়াৰত অংশগ্ৰহণ কৰিব।
বছৰৰ আটাইতকৈ ডাঙৰ ইভেণ্ট এফ আই এইচ হকী বিশ্বকাপ আগষ্ট মাহত অনুষ্ঠিত হ’ব। বেলজিয়াম আৰু নেদাৰলেণ্ডৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাখন ১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে শেহতীয়া অলিম্পিকত লাভ কৰা সফলতাৰ ওপৰত নিৰ্ভৰ কৰি পদক লাভ কৰাৰ লক্ষ্য ৰাখিব।
ছেপ্টেম্বৰ মাহত ভাৰতীয় পুৰুষ আৰু মহিলা দুয়োটা দলে ২০ সংখ্যক এছিয়ান গেমছৰ বাবে জাপানৰ আইচি-নাগোয়ালৈ ৰাওনা হ’ব। ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই মেগা ইভেণ্ট। ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ দলটোৱে নিজৰ খিতাপ ৰক্ষা কৰাৰ লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বাবে পোনপটীয়াকৈ অৰ্হতা নিশ্চিত কৰাৰ লক্ষ্য ৰাখিব।
এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ সমান্তৰালভাৱে হকী ইণ্ডিয়াই যুৱ খেলুৱৈসকলক সৰ্বাধিক প্ৰতিযোগিতামূলক অভিজ্ঞতা প্ৰদান কৰাৰ লগতে ভৱিষ্যতৰ তাৰকা চিনাক্তকৰণৰ বাবে এক শক্তিশালী ঘৰুৱা কেলেণ্ডাৰো ৰূপায়ণ কৰিছে।
ভাৰতীয় হকী দলৰ ২০২৬ চনৰ কেলেণ্ডাৰ
পুৰুষৰ হিৰো হকী ইণ্ডিয়া লীগ: ৩–২৬ জানুৱাৰী, ২০২৬
মহিলা হিৰো হকী ইণ্ডিয়া লীগ: ২৮ ডিচেম্বৰ, ২০২৫–১০ জানুৱাৰী, ২০২৬
এফ আই এইচ পুৰুষৰ প্ৰ’ লীগ (ভাৰত): ১০–১৫ ফেব্ৰুৱাৰী, ২০২৬
এফ আই এইচ পুৰুষৰ প্ৰ’ লীগ (অষ্ট্ৰেলিয়া): ২১–২৫ ফেব্ৰুৱাৰী, ২০২৬
এফ আই এইচ পুৰুষৰ প্ৰ’ লীগ (নেদাৰলেণ্ডছ আৰু ইউ কে): ১৪–২৮ জুন, ২০২৬
মহিলা বিশ্বকাপৰ কোৱালিফায়াৰ: ৮–১৪ মাৰ্চ, ২০২৬
এফ আই এইচ হকী বিশ্বকাপ: ১৫–৩০ আগষ্ট, ২০২৬
আইচি-নাগোয়া এছিয়ান গেমছ: ১৯ ছেপ্টেম্বৰ–৪ অক্টোবৰ, ২০২৬
নেচনছ কাপ: তাৰিখ চূড়ান্ত কৰা হোৱা নাই
हिन्दुस्थान समाचार / অৰৱিন্দ
