গোলাঘাট, ১১ জুলাই (হি.স.): বিজেপি কৰ্মী জীৱন চুতীয়াক সৰুপথাৰ সমজিলা প্ৰশাসনে বানপানীত আক্ৰান্ত লোকক সাহাৰ্য্য প্ৰদান কৰা সন্দৰ্ভত দিয়া কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হোৱাৰ পিচতেই সংবাদমাধ্যমৰ আগত কালি বিয়লি মন্তব্য প্ৰকাশ কৰিছে সৰুপথাৰ সমজিলা আয়ুক্ত চৈয়দ ৱাচবীৰ চুভানীয়ে ৷
উল্লেখযোগ্য যে, প্ৰশাসনৰ তত্বাৱধানত থকা আশ্ৰয় শিবিৰত কোনো দল সংগঠনে বা ব্যক্তিবিশেষে সাহাৰ্য্য বিতৰণ কৰিব বিচাৰিলে সেয়া প্ৰশাসনক অৱগত কৰিব লাগে বা অনুমতি বিচাৰিব লাগে বুলি জানিবলৈ দিয়ে ৷ কিয়নো আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ স্বাস্থ্য আৰু সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব প্ৰশাসনৰ ওপৰত ন্যস্ত হৈ থাকে ৷ ইপিনে সমগ্ৰ ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীৱন চুতীয়াই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
