
ধুবুৰী, ০৫ জানুৱাৰী (হি স)। কেন্দ্ৰীয চৰকাৰৰ এখন যানবাহন আইনৰ বিৰোধিতা কৰি আজি গাড়ী চালকসকলৰ ৪৮ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ধুবুৰীৰ বিলাসীপাৰাত চকা বন্ধ কাৰ্যসূচীৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিউ হাতীপোতাত পথ বন্ধ কৰি দিয়ে বন্ধৰ সমৰ্থকে ।
কেন্দ্ৰীয়ৰ চৰকাৰে গাড়ী চালকৰ বিৰুদ্ধে ঘোষণা কৰা আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ জনাইছে চালক সকলে। চালক সকলৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাত আৱদ্ধ হৈ পৰে শ শ যান বাহন । এই বন্ধত প্ৰতিবাদকাৰী সকলে শাক পাচলিৰ বাহন সহ সকলে ধৰনৰ অত্যাৱশ্যকীয় বাহনো আৱদ্ধ কৰে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
