শোণিতপুৰ, ০২ জানুৱাৰী (হি.স.)। গাড়ী চালক সকলৰ ওপৰত চৰকাৰে যি মটৰ পৰিবহণ আইন সংশোধনৰ জৰিয়তে জৰিমনাৰ বৃদ্ধিৰ ব্যৱস্থা কৰিছে ইয়তৰ বিৰোধিতা কৰি আজি তেজপুৰত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালকসকলে ৷ উল্লেখ্য যে আজি পৰিবহন আইন সংশোধনৰ বিৰোধিতাৰে তেজপুৰৰ বিন্দুকুৰিত ট্ৰাক চালক সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ সন্মুখত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ ট্ৰাক চালক সকলে চৰকাৰ বিৰোধী ধ্বনীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ তেওঁলোকে কয় যে, নতুন পৰিবহন আইনখন সংশোধন নকৰা পৰ্যন্ত ট্ৰাক চালকসকলৰ ধৰ্মঘট অব্যাহত থাকিব ৷ উল্লেখযোগ্য যে আজিৰ প্ৰতিবাদৰ সময়ত খাদ্য নিগমৰ বিন্দুকুৰীস্হিত গুদামৰ সন্মুখত বহু সংখ্যক ট্ৰাকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় ৷ প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰা এই জৰিমানৰ পৰিমাণ তথা পৰিবহন আইনখন অতিশয় অন্যায়পূৰ্ণ বুলি উল্লেখ কৰি ইয়াৰ এইখন আইন কোনোপধ্যেই মানি লোৱা নহয় বুলিও মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
