গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। অসমত সুদীৰ্ঘ সময় আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত থকা ভাৰতীয় প্ৰশাসনিক সেৱা (আইপিএছ)ৰ বিষয়া আনন্দ মিশ্ৰ বিহাৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছে। নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ।
উল্লেখ্য যে আইপিএছৰ চাকৰি বাদ দি ৰাজনীতিত যোগদান কৰা আনন্দ মিশ্ৰই সদ্য ঘোষিত নিৰ্বাচনত জয়লাভ কৰিলে । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আনন্দ মিশ্ৰই। বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্বাচনত।
অসমত সুদীৰ্ঘ সময় আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে চাকৰি বাদ দি গৃহৰাজ্য বিহাৰলৈ উভতি গৈছিল আনন্দ মিশ্ৰ। তাৰ পাছতে খোজ দিছিল ৰাজনীতিৰ পথাৰত। শুকুৰবাৰে ঘোষিত বিহাৰ নিৰ্বাচনৰ ফলাফলত প্ৰায় ২৫,০০০তকৈও অধিক ভোটত জয়লাভ কৰে আনন্দ মিশ্ৰই। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক পৰাস্ত কৰি বিজয়ী হয় আনন্দ মিশ্ৰ।
প্ৰণিধানযোগ্য যে এইবাৰৰ বিহাৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোটেঁ চমক সৃষ্টি কৰিলে। ২০০ৰ দেওনা পাৰ কৰি এইবাৰ এন ডি এ মিত্ৰজোঁটে লাভ কৰিলে ২০২খন আসন। বিহাৰৰ ৰাজনীতিৰ ইতিহাসত এয়া সৰ্ববৃহত জয় এন ডি এৰ। মন কৰিবলগীয়া যে, ২০২০ৰ নিৰ্বাচনতকৈ ২০২৫ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ ৮০খন আসন বৃদ্ধি পাইছে। ২০২০ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে লাভ কৰিছিল ১২২খন আসন।
ইফালে এইবাৰৰ নিৰ্বাচনত ধৰাশায়ী হ’ল বিৰোধী মহাঁমিত্ৰজোট। হোৰাহোৰে কমিল বিৰোধীৰ আসন। ২০২০ৰ নিৰ্বাচনত ১১৪খন আসন দখল কৰা বিৰোধী মহাজোঁটে এইবাৰ লাভ কৰিলে মাত্ৰ ৩৫খন আসন। ২০২০ৰ নিৰ্বাচনৰ তুলনাত ২০২৫ত বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা কমিল ৭৯খন।
আনহাতে বিহাৰ নিৰ্বাচনত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৬গৰাকী প্ৰাৰ্থীয়েহে এইবাৰ শেষ হাঁহি মাৰিলে। ২০২০ত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই জয়ী হৈছিল ৭গৰাকী প্ৰাৰ্থী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
