
কামৰূপ, ১৭ অক্টোবৰ (হি.স.): শাৰদী ৰাণী দুৰ্গোৎসৱলৈ মাজত মাথোঁঁ কেইটা মান দিন বাকী । ৰাজ্যৰ চৌদিশে চলিছে দেৱীক আদৰাৰ ব্যপক প্ৰস্তুতি চলিব ধৰিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা । বিভিন্ন ঐতিহাসিক কৃৰ্তিচিহ্নৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপ সমূহ।
সমান্তৰাল ভাবে বাইহাটা চাৰিআলিটো দেখা গৈছে ৰাম মন্দিৰৰ আৰ্হিত সজা এটি পূজা মণ্ডপ। বাইহাটা চাৰিআলিৰ মাজ মজিয়াত অনুষ্ঠিত বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত এইবাৰ দেখা যাব ৰাম মন্দিৰৰ আৰ্হি । প্ৰায় দহ লাখ টকাৰ বাজেটেৰে প্ৰস্তুতি তুঙ্গগত বাইহাটা চাৰিআলি বাৰিৱাৰী দূৰ্গা পূজাস্থলী । প্ৰতিদিনে সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত কৰিব দুৰ্গোৎসৱ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
