বাক্সা, ২৯ জুলাই (হি.স.)। বাক্সা জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয় মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় চৌহদত আজি চিকিৎসক ডাঃ ৰবি বড়োৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়।তেওঁৰ নামেৰেই নামাংকিত ২০০ বিছনা যুক্ত চিকিৎসালয়খন ২০১২ চনত স্থাপন কৰা হৈছিল।
উল্লেখ্য যে ১৯৯৭ চনৰ ২০ মে’ তাৰিখে আততায়ীৰ গুলীত নিহত হৈছিল ডাঃ ৰবি বড়ো।আজি প্ৰতিমূৰ্ত্তি উন্মোচন কৰি ডাঃ ৰবি বড়োক সুঁৱৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চিকিৎসালয় খনৰ চেয়াৰমেন উৰ্খাও গৌৰা ব্ৰহ্মই। তেওঁ কয় যে আমাৰ এটা সপোন আছিল চিকিৎসালয় চৌহদত প্ৰয়াত ডাঃ ৰবি বড়োৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা, সেয়া আজি সাৰ্থক হ’ল।ইতিমধ্যে চিকিৎসালয় খনত লিফ্ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে।অতি সোনকালে এম.আৰ.আইৰ সুবিধা লাভ কৰিব।লগতে ইতিমধ্যে স্থাপন কৰা আই.চি.ইউ সোনকালেই কাৰ্যক্ষম হ’ব।
ইফালে ইউপিপিএল-বিপিএফৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, আমি ইউপিপিএল হিচাপে এতিয়া যথেষ্ট শক্তিশালী।আমি অকলেই জয়ী হ’ব পৰা সক্ষমতা আছে। কিন্তু তথাপি যদি মিত্ৰতাৰ প্ৰসংগ আহে তেন্তে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ওপৰত নিৰ্ভৰ কৰিব।আজিৰ উন্মোচনী অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, পাৰিষদ মন্টু বড়ো, বাক্সা জিলা আয়ুক্ত গৌতম দাস আৰু ডাঃ ৰবি বড়োৰ পৰিবাৰ বিশেষভাৱে উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
