
তিনিচুকীয়া, ১৭ অক্টোবৰ(হি.স.)। উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহা অৰুণাচলৰ একাংশ কমলা খেতিৰ সৈতে জড়িত কৃষকে এতিয়া আশাৰ বতৰা দেখিছে। থলুৱা ব্যৱসায়ীয়ে অৰুণাচলৰ পূব কামেং জিলাত উৎপাদিত কমলা ৰপ্তানিৰ ব্য়ৱস্থা কৰাৰ ফলত উপকৃত হৈছে কৃষকসকল।
উল্লেখ্য় যে দীৰ্ঘদিনীয়া দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবে প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত হৈ আহিছিল অৰুণাচলৰ পূব কামেং জিলাৰ একাংশ কমলাৰ খেতিয়ক। আনকি জিলা খনৰ বানা অঞ্চলত থকা কমলাৰ কৃষক সকলৰ বাবে চৰকাৰে বিজ্ঞান সন্মত প্ৰশিক্ষণ তথা উপযুক্ত বজাৰ আদিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতো কৃষক সকলে উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে। শেহতীয়াভাবে অসমৰ তিনিচুকিয়া জিলাৰ দুই থলুৱা ব্যৱসায়ীয়ে এই স্থানৰ শ শ বিঘা ভুমিত উতপাদিত কমলা খেতি এতিয়া দেশৰ আন আন ৰাজ্যলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰিছে।যাৰ বাবে পাহাৰুৱা জিলাৰ এইসকল কৃষকে এতিয়া পূৰ্বৰ তুলনাত বৰ্তমান সামান্য উচ্চ হাৰত উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ
