নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ (জিএমআইএছ)ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত আৰম্ভ হয় তিনিদিনীয়া শীৰ্ষ সন্মিলন।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে ভাৰত মহাসাগৰৰ নীলা অৰ্থনীতিৰ বাবে দীৰ্ঘম্যাদী ৰোডমেপ “অমৃত কাল ভিজন ২০৪৭” উন্মোচন কৰে। বন্দৰৰ সুবিধা বৃদ্ধি, বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কৌশলগত পদক্ষেপসমূহৰ ৰূপৰেখা ৰোডমেপত উল্লেখ কৰা হৈছে। এই অত্যাধুনিক আঁচনিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে, জাতিৰ প্ৰতি উৎসৰ্গিত আৰু ২৩,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষত ৪৫০০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া টুনা টেকৰা অল ৱেদাৰ ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত বিশ্বব্যাপী আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৭ লাখ কোটিৰো অধিক মূল্যৰ ৩০০ৰো অধিক বুজাবুজি পত্ৰ (এমওইউ)ও উচৰ্গা কৰে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ
