
গোৱালপাৰা, ২৬ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীয়ে চুপাৰি চোৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত তিনি গভাইত চোৰ সহ বৃহৎ পৰিমাণ চুপাৰি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
মাটিয়া থানাৰ অ’চি নিপুমনি চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত প্ৰথমে আৰক্ষীয়ে সুতাৰপাৰাৰ আমিনুল ইছলাম নামৰ চোৰ টোক আটক কৰে ৷
আমিনুল ইছলামৰ স্বীকাৰোত্তিৰ ভিত্তিত কৃষ্ণাইৰ চৰ্দাৰপাৰাৰ শ্বাহৰুখ খান আৰু ধাইগাওঁ বল্লাৰ আলী আকবৰ নামৰ দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ১০ বস্তা চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মাটিয়া থানাৰ অন্তৰ্গত সুতাৰপাৰাৰ *চৈয়দ জামাল* নামৰ ব্যৱসায়ী জনৰ কিছুদিন পূৰ্ৱে ১১ বস্তা চুপাৰি চুৰি হৈছিল ৷ ব্যৱসায়ী গৰাকীৰ এজাহাৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে দহ বস্তা চুৰি চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
