কামৰূপ, ০৮ ডিচেম্বৰ (হি.স.)। বকোৰ হাহিম মৌচোৱাত এক অঘটন সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক। নিহত লোক জনক ৰঞ্জিত ৰাভা(৬৫) বুলি জানিব পৰা গৈছে।
নিকটবৰ্তী ৰাণী বনাঞ্চলত বন্যহস্তীৰ খাদ্যৰ নাটনি হোৱাত বন্যহস্তী সমূহে খাদ্যৰ সন্ধানত বকো অঞ্চলৰ হাহিমলৈ ওলাই আহে। এইদৰে হাহিমৰ ধাননি পথাৰত বন্যহস্তীৰ পৰা খেতি পথাৰৰ ধান খিনি সুৰক্ষা দিবলৈ নিহত ৰঞ্জিত ৰাভা ৰখীয়া হৈ থকা সময়ত বনৰীয়া হাতীটোৰ আক্ৰমণৰ সন্মুখীন হয়। নিশাই ঘটনাস্থলীত উপস্থিত হয় বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া।
মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে বন বিভাগে। অঞ্চলটোত দিৰ্ঘ দিনৰ পৰা বন্য়হস্তীৰ জাকে খেতি পথাৰত ধান খাই ফচল নষ্ট কৰি কৃষকৰ বৃহৎ লোকচান কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
