নগাঁও, ২২ জুন (হি.স.): জুৰীয়াত যোৱা কালি শনিবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা। জুৰীয়া ছাইদৰীয়া পথত এই দুৰ্ঘটনা ঘটে।
ই ৰিক্সা আৰু ছুইফ্ট গাড়ীৰ মুখামুখি সংঘৰ্ষ জুৰীয়াৰ বগৰিগুৰিৰ হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ গৌতম মেধি দুৰ্ঘটনাত আহত হয়। দুৰ্ঘটনাটোত ই ৰিক্সা খনৰ চালক জনো আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি নীতি নিৰ্দেশনা মানি নচলাৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এইক্ষেত্ৰত উদণ্ড চালকক নাকী লগাবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
