গুৱাহাটী, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ পূব সীমান্ত ৰেলেৱেই (এনএফআৰ) ইয়াৰ বিভিন্ন শ্ৰেণীতগুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত আছে মালবাহী ৰে’লৰ লোডিং, বৈদ্যুতিকৰণ, নতুন ৰে’লৰ প্ৰৱৰ্তন আৰু যাত্ৰীসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰা আদি।
উত্তৰ পূব সীমান্ত ৰেলৱে ২০২৩-২৪ বৰ্ষত ৫১৫ খন ৰেকৰ পি.ও.এল. সামগ্ৰীৰ লোডিং প্ৰাপ্ত কৰি সৰ্বকালৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰে। সহজ ব্যৱসায় সুবিধা প্ৰদানৰ দ্বাৰাউত্তৰ পূব সীমান্ত ৰেলৱেই ২০২৩-২৪ বৰ্ষৰ সময়চোৱাত মাকৈ লোডিংনিৰ্ধাৰিত লক্ষ্যতকৈ আকৰ্ষণীয় ৰূপে ৩২% বৃদ্ধি প্ৰাপ্ত কৰে। আনকি আটাইতকৈ কঠিন আইন-শৃংখলা পৰিস্থিতিৰ সময়তো সামাজিক কৰ্তব্য পালন কৰিউত্তৰ পূব সীমান্ত ৰেলেৱে মণিপুৰৰ খোংচাঙলৈ ১৩৯ খন ৱাগনত অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰি মণিপুৰৰ লোকসকলক উল্লেখযোগ্য সেৱা আগবঢ়াইছিল। উত্তৰ পূব সীমান্ত ৰেলৱেৰঅবিৰত প্ৰয়াসৰ ফলস্বৰূপে সীমিত ৰে’লপথৰ ক্ষমতা থকা স্বত্বেও অধিক টন পণ্য সামগ্ৰী পৰিবহন কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গতসৰ্বাধিক সংখ্যাৰ ৪৫৩ টা বগী কাভাৰ্ড ৱাগন (বিচিএনএইচএল) ৰেক মাত্ৰ ৩মাহত মুকলি কৰাহয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিউ গুৱাহাটীত বিচিএনএইচএল ৰেকৰ ক্লোজড চাৰ্কিট ৰেকৰ পৰীক্ষণ আৰম্ভ কৰাৰ সক্ৰিয় পদক্ষেপৰ জৰিয়তে পদ্ধতিগত দক্ষতা উন্নত কৰাৰ লগতে অবৈধ খালী ৰেকৰ চলাচল হ্ৰাস কৰা হয়।
উত্তৰ পূব সীমান্ত ৰেলৱেই অবিৰত প্ৰয়াসৰ ফলস্বৰূপে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়চোৱাত সৰ্বাধিক ৩৫.৩০ মিলিয়ন টন অন্তৰ্মূখীসামগ্ৰীৰ পৰিবহন প্ৰাপ্ত কৰে যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৬.৯% বৃদ্ধিৰ অভিলেখ প্ৰাপ্ত কৰে।
উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডলত ১০০% বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছে। তাৰ বাবে,২০২৩-২৪ বৰ্ষৰ সময়চোৱাত ৯২১.৬২ ৰুট কিলোমিটাৰ আৰু ১২৭৯.৭৪ ট্ৰেক কিলোমিটাৰ বৈদ্যুতিকৰণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত ২৫৮৩ ৰুট কিলোমিটাৰ আৰু ৪৪৮৫ ট্ৰেক কিলোমিটাৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে যি ইয়াৰ মুঠ কিলোমিটাৰৰ ৬১%।
উত্তৰ পূব সীমান্ত ৰেলৱেই সংখ্যাগত আৰু মানদণ্ডৰ দিশত জনসাধাৰণক উন্নততৰ সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তাৰ বাবে,উত্তৰ পূব সীমান্ত ৰেলৱেই ২০২৩-২৪ বৰ্ষৰ সময়চোৱাত এঘাৰখন নতুন ৰেলৰ প্ৰৱৰ্তন কৰে। উন্নত ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ, এঘাৰখন পৰম্পৰাগত লিংকে হফমেন বুচ ৰেকলৈ ৰূপান্তৰিত কৰা হয়। ৰাজহুৱা চাহিদা অনুসৰি,২০২৩-২৪ বৰ্ষৰ সময়চোৱাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৩৪ যোৰ মেইল, এক্সপ্ৰেছ আৰু যাত্ৰীবাহী ৰেলৰ ৩৫ টা ষ্টেচনত অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হয়। প্ৰতীক্ষা সূচীত থকা যাত্ৰীসকলৰ বাবে অতিৰিক্ত বাৰ্থ প্ৰদান কৰাৰ অৰ্থে ২৫ যোৰ (৬২ খন ৰেক)মেইল এক্সপ্ৰেছ ৰে’লৰ ডবা সমূহত ১৫১ টা ডবা স্থায়ীভাৱে বৃদ্ধি কৰা হয়।
যাত্ৰী/পথচাৰী পাৰ হোৱাৰ বাবে, ২০২৩-২৪ বৰ্ষত,উত্তৰ পূব সীমান্ত ৰেলৱেৰ ওপৰত ১০ খন ফুট অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হয়। লগতে,ৰে’লৱে প্লেটফৰ্মত দিব্যাংগজন, বয়সস্থ আৰু শিশুসকলৰ চলাচল সহজ কৰাৰ বাবে, ২০২৩-২৪ চনত ৪ খন লিফ্ট আৰু ৪ খন এস্কেলেটৰ মুকলি কৰা হয়।
