কামৰূপ, ২৭ জুন (হি.স.): বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।উত্তৰ গুৱাহাটী পৰা বেজেৰা অভিমুখী ৰঙা মাটি কঢ়িয়াই অনা তীব্ৰ বেগী ডাম্পাৰে মহটিয়ালে এজন চাইকেল আৰোহীক । ঘটনা সংঘটিত কৰি ডাম্পাৰ খনে পলায়ন কৰে যদিও ৰাইজে বেজেৰা চকত ডাম্পাৰ খন আগুৰি ধৰি বাইহাটা আৰক্ষী থানাত গতাই দিয়ে।
দুৰ্ঘটনা পতিত হোৱা চাইকেল আৰোহী গৰাকী মান্দাকাটা নিবাসী আজিজৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে। প্ৰায় ৪৫ বছৰীয়া ব্যক্তি আজীজৰ ৰহমান গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় আৰু সংকট অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনাটো সংঘটিত হোৱাৰ পাছতেই মান্দাকাটাত এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হয়। ডাম্পাৰৰ দৌৰাত্মৰ ফলত প্রায় এনেধৰণৰ ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ সন্মুখত | এই ক্ষেত্রত প্রশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰিলে প্রতিবাদ কৰিব বুলি জনায় স্থানীয় ৰাইজে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
