
কোকৰাঝাৰ, ১৩ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামৰ শংকৰপাৰাত সাৰ্বজনীন কালিপূজা কমিটিয়ে অনুষ্ঠিত কৰা পূজা মণ্ডপৰ যোৱাকালি নিশা ৰঙাফিতা কাটি শুভ উদ্বোধন কৰা হয়। মণ্ডপটি উদ্বোধন কৰি পোহৰৰ উৎসৱ দিপাবলীৰ শুভেচ্ছা জনায় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
লগতে গোটেই হিন্দু ধৰ্মালম্বী লোকলৈ শুভেচ্ছাও জনায় । কালিৰ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক জনৰ লগতে ড: ৰেজাউল কৰিমৰ লগতে বিপিএফ দলৰ কৰ্মী সকল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
