ধুবুৰী, ২৮ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ধুবুৰী জিলাৰ আগমনিত য়োৱা কালি শনিবাৰে বিয়লি কালডোৱাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশত হোৱা সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধৰ প্ৰতিবাদত আগমনি কালডোবা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।
মুছলিম মৌলবাদী দুষ্কৃতিকাৰীৰ হত্যাৰ বলি হোৱা দীপু চন্দ্ৰ দাসৰ ন্যায় বিচাৰি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত থকা হিন্দু সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ প্ৰতি উত্তৰ ভাৰত চৰকাৰে দিব লাগে বুলি উল্লেখ কৰে।
উল্লেখ্যে যে বাংলাদেশৰ মৈমনসিঙৰ (ভালুক) দীপু চন্দ্ৰ দাস নামৰ এজন ধৰ্মীয় সংখ্যালঘূ শ্রমিকক যোৱা ১৮ ডিচেম্বৰ তাৰিখে নৃশংস ভাৱে বাংলাদেশত মুছলিম মৌলবাদীসকলে হত্যা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
