জেৰুজালেম, ১৩ নৱেম্বৰ (হি.স.)। ইজৰাইল-হামাছৰ সংঘাতৰ বাবে ৭ অক্টোবৰত স্থগিত ৰখা ইজৰাইলী বাস্কেটবল ছুপাৰ লীগ ২৫ নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব।
ইজৰাইলৰ হোম ফ্ৰন্ট কমাণ্ডৰ নবীকৃত নিৰ্দেশনাৰ বাবে অসম্ভৱ নহ’লে দলসমূহৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব বুলি দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰে ইজৰাইলৰ বাস্কেটবল ছুপাৰ লীগ(বিএছএল) প্ৰশাসনে।
নিৰাপত্তা পৰিস্থিতিৰ বাবে বি এছ এলে এই সিদ্ধান্তও লয় যে গোটেই ছিজনটোত বিদেশী খেলুৱৈৰ বদলিৰ সংখ্যাৰ কোনো সীমা নাথাকিব।
উল্লেখ্য যে যুদ্ধৰ বাবে বহু বিদেশী খেলুৱৈয়ে নিজৰ ইজৰাইল দল এৰি গৈছে।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
