বৰপেটা, ১২ জুলাই (হি.স.)। বৰপেটাৰ হাউলীত শোকাৱহ ঘটনা । পিতৃৰ শ্ৰাদ্ধৰ দিনা নিশাই ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ ।
পিতৃৰ সকামৰ বাবে ব্ৰতত থকা বগা কাপোৰ পিন্ধা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন হাউলী ঠাকুৰবাৰীৰ অৰ্জুন শীল বুলি চিনাক্ত কৰা হৈছে । আজি পুৱা হাউলীৰ বগাইজানপাৰাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ । ঘটনাটোক কেন্দ্ৰ কৰি হাউলী চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, পিতৃৰ সকামৰ বাবে ধনৰ প্ৰয়োজন হোৱাত এজন লোকৰ ওচৰত পাব লগীয়া ধন বিচাৰি নিশা বন্ধুৰ সৈতে যুৱকজনে স্কুটী লৈ ঘৰৰ পৰা ওলাই গৈছিল ।তাৰ পিছতে আজি পুৱা ৰহস্যজনক অৱস্থাত পথৰ কাষত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । উক্ত ঘটনাটো এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। ইপিনে ঘটনা সন্দৰ্ভত হাউলী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ঘটনাৰ সময়ত অৰ্জুন শীলৰ সৈতে থকা আন এজন যুৱকক আটক কৰি সোধাপোচা চলাই আছে আৰক্ষীয়ে ।
ইপিনে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিতসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
