কামৰূপ, ০১ ফেব্ৰুৱাৰী : ৰঙিয়াত আজি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সংগঠনটোৱে সমদল কৰি ৰঙিয়া নগৰৰ মাজ মজিয়াইদি অসম চৰকাৰ হায় হায়, শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি দিয়ে৷ শীঘ্ৰেই উক্ত সিদ্ধান্ত ৰাজ্য চৰকাৰক বাতিল কৰিবলৈ দাবী আছুৰ, অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
