
ধুবুৰী, ০১ ছেপ্তেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সাপটগ্ৰামত যোৱাকালি দেওবাৰে নিশা আৰক্ষীৰ আকস্মিক অভিযান চলে। অভিযানত সাপটগ্ৰাম চহৰ খনৰ দুখন দোকানৰ পৰা বৃহৎ অবৈধ সুৰা জব্দ কৰে।
চহৰখনৰ গণেশ প্ৰসাদ পান দোকান আৰু ভোলানাথ সাহাৰ ষ্টেচনাৰী (Stationery) দোকানত অবৈধ বাবে মজুত কৰি ৰখা বৃহৎ অবৈধ সুৰা জব্দ কৰা হয়। দুয়োৰে বিৰুদ্ধে অবৈধ বাবে সুৰা বিক্ৰী কৰাৰ অভিযোগ আছিল । গোপন সূত্ৰৰ পম খেদি সাপটগ্ৰাম আৰক্ষীয়ে চলায় এই অভিযান।অভিযানত হাতে লোতে বিক্ৰী কৰি থকা অৱস্থাত দুয়ো ব্যৱসায়িক আটক কৰে আৰক্ষীয়ে। ব্যৱসায়িক দ্বয় ক্ৰমে সাপটগ্ৰাম চহৰৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা গণেশ প্ৰসাদ আৰু ভোলানাথ সাহা বুলি জানিব পৰা গৈছে।
সম্প্ৰতি জব্দকৃত সুৰা খিনি সাপটগ্ৰাম আৰক্ষীয়ে আবকাৰী বিভাগক জমজাই দিয়ে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
