দৰং, ১৮ নৱেম্বৰ (হি.স.)। প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে মঙলদৈৰ এটা পথ। আজি শিল্পী গৰাকীলৈ জন্ম দিনৰ শুভেচ্ছা জনাই মঙলদৈ মিলনপুৰ বাসী ৰাইজে ৰাজহুৱা পথটো জুবিন পথ নামেৰে নামাকৰণ কৰিলে।
আনহাতে শিল্পী গৰাকীৰ প্ৰিয় গছ নাহৰ পুলিও ৰোপণ কৰে গাওঁবাসী ৰাইজে। অনুস্থানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, পৌৰপতি নিৰ্মালী দেৱীৰ লগতে গাওঁবাসী ৰাইজ।
অসমবাসীৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে সমগ্ৰ অসমতে জুবিন গাৰ্গৰ সোঁৱৰণত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।মঙলদৈ চহৰতো সংগীত শিল্পী গৰাকীক সন্মান জনাই সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
