গুৱাহাটী, ৩০ অক্টোবৰ (হি.স.)। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰমণ্ডল, ৱৰ্কশ্বপ আৰু নিৰ্মাণ ক্ষেত্ৰ গোটসমূহত ৩০ অক্টোবৰৰ পৰা ০৫নৱেম্বৰ, ২০২৩লৈ ‘সতৰ্কতা সজাগতা সপ্তাহ’ পালন কৰিব। ২০২৩ চনৰ এই সজাগতা সপ্তাহৰ বিষয়বস্তু হ’ব দুৰ্নীতিৰ বিৰোধিতা কৰক, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হওক।
এই উপলক্ষ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ) মহাপ্ৰৱন্ধক সুনীল কুমাৰ ঝাই আজি ক্ৰমান্বয়ে মহাপ্ৰৱন্ধকৰ কাৰ্যালয়, মালিগাঁও আৰু মহাপ্ৰৱন্ধক (নিৰ্মাণ)ৰ কাৰ্যালয়চৌহদত মুখ্য কাৰ্যালয় আৰু ইয়াৰ মণ্ডলসমূহৰসকলো কৰ্মচাৰীক উদ্দেশ্যি’সততাৰশপত বাক্য’ পাঠ কৰোৱায়। এই শপতবাক্যৰ মূল বিষয়বস্তু হৈছে বিভাগীয় কামকাজৰ সকলো ক্ষেত্ৰতে অখণ্ডতা আৰু স্বচ্ছতা পালন কৰা আৰু এনেদৰে কৰ্মপৰিৱেশকে ধৰি জীৱনৰ প্ৰতিটো দিশতে দুৰ্নীতি নিৰ্মূল কৰা।
সপ্তাহজোৰা সতৰ্কতা সজাগতা সপ্তাহত ৰে’লৱে কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ উত্তৰ পূব সীমান্ত ৰে’লৱেত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। সজাগতা সপ্তাহ পালনৰ অংশ হিচাপে,উত্তৰ পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয়ৰ সকলো বিভাগীয় বিষয়াবৰ্গৰ সৈতে বিভিন্ন মতবিনিময় বৈঠক আৰু বিভাগসমূহৰ প্ৰণালীগত উন্নতিৰ বাবে বৈঠকৰ আয়োজন কৰা হ’ব। দুৰ্নীতিৰ বিৰোধিতা কৰক, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হওক বিষয়টোৰ ওপৰত সংগোষ্ঠী –উত্তৰ পূব সীমান্ত ৰেলৱেৰ(অপেন লাইন আৰু নিৰ্মাণ সংস্থা)ৰ উচ্চ পদস্থ বিষয়াসকলৰ অংশগ্ৰহণৰ দ্বাৰা আয়োজন কৰা হ’ব।
এই উপলক্ষ্যে ৰেলৱে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ৰে’লৱে বিদ্যালয়ত প্ৰবন্ধ লিখন, অংকন আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হ’ব। দুৰ্নীতিৰ বিৰোধিতা কৰক, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হওক সংশ্লিষ্ট বিষয়বস্তুৰ ওপৰত এক আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা- ০৩ নৱেম্বৰ, ২০২৩ তাৰিখে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত আয়োজন কৰা হ’ব। দুৰ্নীতিৰ কুপ্ৰভাৱৰ বিষয়ে নাগৰিকসকলক সংবেদনশীল তথা সজাগকৰাৰ অৰ্থে ৰে’লৱে কৰ্মচাৰী ও ভাৰত স্কাউটচ আৰু গাইডচৰ সদস্যসকলৰ দ্বাৰা বাটৰ নাট আয়োজন কৰা হ’ব। সজাগতা প্ৰচাৰ কৰাৰ বাবে এই সপ্তাহ উদযাপনৰ সময়ত এখন ভিজিলেন্স বুলেটিনো উন্মোচন কৰা হ’ব আৰু লগতে ৱাকাথনৰো আয়োজন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/আলোক/অৰৱিন্দ
