নলবাৰী, ২৩ জুন (হি.স.): পাঠশালাৰ কেন্দুগুৰিত যোৱাকালি সন্ধিয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় l ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী l
নিহত যুৱক জন বজালীৰ মৈৰামভিঠাৰ বুলি জানিব পৰা গৈছে l মৃত যুৱক জনৰ নাম মিঠুন বৰ্মন বুলি কোৱা হৈছে l ডাম্পাৰ খনে পলস কঢ়িয়াই অনাৰ সময়তে এই দুৰ্ঘটনা ঘটে l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
