নতুন দিল্লী, ২৩ জুন (হি.স.)। ভাৰতীয় হকী দলৰ অভিজ্ঞ ফৰৱাৰ্ড তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী ললিত উপাধ্যায়ে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বেলজিয়ামৰ বিৰুদ্ধে এফ আই এইচ প্ৰ’ লীগৰ খেলখনত ভাৰতে ৪-৩ গ’লত জয়লাভ কৰি ছিজন সমাপ্ত কৰে, তাৰ কিছু সময়ৰ পিছতে ললিতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
বহু কৃতিত্বৰে সজ্জিত এক উজ্জ্বল ইনিংছ
ললিত উপাধ্যায়ে ভাৰতৰ হৈ ১৮৩খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৬৭টা গ’ল দিয়ে। বহুমুখী ক্ষমতা, অন-ফিল্ড বুদ্ধিমত্তা আৰু হেঁচাত সংযত খেলৰ বাবে পৰিচিত ভাৰতীয় ফৰৱাৰ্ড লাইনৰ গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য অংশ হিচাপে তেওঁক গণ্য কৰা হৈছিল।
২০১৪ চনৰ হকী বিশ্বকাপত অভিষেক ঘটোৱা ললিতে টকিঅ’ ২০২০ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক আৰু পেৰিছ ২০২৪ অলিম্পিকত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰি নিজকে ডাঙৰ মেচৰ খেলুৱৈ হিচাপে প্ৰমাণ কৰিলে।
অলিম্পিকৰ উপৰিও ২০১৬ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী, ২০১৭ এছিয়া কাপ (য’ত তেওঁ চাৰিটা গ’ল), ২০১৮ এছিয়ান গেমছ (ব্ৰঞ্জ), ২০১৮ চনৰ পুৰুষ এছিয়ান চেম্পিয়নছ ট্ৰফী (সোণ), ২০১৭ হকী ৱৰ্ল্ড লীগ ফাইনেল (ব্ৰঞ্জ) আৰু ২০১৮ এফ আই এইচ চেম্পিয়নছ ট্ৰফী (ৰূপ) আদি ভাৰতৰ বহু গুৰুত্বপূৰ্ণ সফলতাৰ অংশ ললিত আছিল। ২০২১-২২ চনৰ এফ আই এইচ প্ৰ’ লীগত ব্ৰঞ্জৰ পদক আৰু ২০২২ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ অংশও আছিল তেওঁ।
ভাৰতীয় হকীলৈ তেওঁৰ অৱদানৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।
সংগ্ৰামৰ পৰা সফলতালৈ যাত্ৰা
উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাৰ এখন সৰু গাঁৱৰ পৰা অহা ললিতৰ এই যাত্ৰা আছিল সংগ্ৰামেৰে ভৰা।
দেওবাৰে নিশা তেওঁ নিজৰ ফেচবুক পোষ্টত লিখিছে, এই যাত্ৰা আৰম্ভ হৈছিল এখন সৰু গাঁৱৰ পৰা, য’ত সম্পদ সীমিত আছিল, কিন্তু সপোন আছিল অন্তহীন। ষ্টিং অপাৰেচনৰ পৰা অলিম্পিকৰ মঞ্চত উপনীত হোৱালৈকে — সেইটোও দুবাৰ — এই যাত্ৰা প্ৰত্যাহ্বান, শিক্ষণ আৰু গৌৰৱেৰে ভৰি পৰিছে। মোৰ চহৰৰ কোনোবাই ২৬ বছৰৰ পিছত অলিম্পিয়ান হোৱাটো মোৰ বাবে গৌৰৱ আৰু কৃতজ্ঞতাৰ বিষয়।
অৱসৰ বাৰ্তাত ললিতে পৰিয়াল, প্ৰশিক্ষক পৰমানন্দ মিশ্ৰ, এয়াৰ ইণ্ডিয়াত সুযোগ দিয়া হৰিন্দৰ ছাৰ, গুৰু সমীৰ ভাই আৰু বিপিচিএলৰ ধনৰাজ ছাৰ, সতীৰ্থ হকী ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে তেওঁ ডি এছ পি পদৰ দায়িত্বও গৌৰৱেৰে পালন কৰিব লাগিব।
নিজৰ বাৰ্তাত ললিতে টিম ইণ্ডিয়াৰ অধিনায়ক হৰমনপ্ৰীত সিঙক বিশেষভাৱে স্মৰণ কৰি লিখিছে, হকীয়ে মোক সকলো দিলে আৰু আপুনি (হৰ্মানপ্ৰীত) ইয়াত আটাইতকৈ মূল্যৱান উপহাৰ, ভাই।
হকী ইণ্ডিয়াৰ অভিনন্দন
হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে তেওঁৰ অৱদান সন্দৰ্ভত কয়, ললিত তেওঁৰ যুগৰ অন্যতম ষ্টাইলিছ আৰু নিষ্ঠাবান ফৰৱাৰ্ড। সেয়া অলিম্পিকৰ ডাঙৰ মঞ্চতেই হওক বা লীগ মেচতেই হওক—তেওঁ সদায় গৌৰৱ আৰু আবেগেৰে ভাৰতৰ হৈ খেলি আহিছে। বাৰাণসীৰ ৰাজপথৰ পৰা অলিম্পিক প’ডিয়ামলৈ তেওঁৰ যাত্ৰা প্ৰেৰণাদায়ক। আমি তেওঁৰ অৱদানৰ বাবে আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।
হকী ইণ্ডিয়াৰ মহাসচিব ভোলা নাথ সিঙেও ললিতৰ প্ৰশংসা কৰি কয়, ললিত কেৱল খেলপথাৰত নিৰ্ভীক খেলুৱৈ হোৱাই নহয়, খেলপথাৰৰ বাহিৰতো এজন অতি নম্ৰ ব্যক্তি। তেওঁৰ ধাৰাবাহিকতা, কৌশল আৰু ডাঙৰ মেচত প্ৰদৰ্শন কৰাৰ ক্ষমতাই তেওঁক দলৰ মেৰুদণ্ড কৰি তুলিছিল। হকী ইণ্ডিয়াই তেওঁৰ অৱদানৰ বাবে গৌৰৱান্বিত আৰু তেওঁৰ বিখ্যাত কেৰিয়াৰ আমি সদায় মনত ৰাখিম।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
