গোলাঘাট, ৩০ নৱেম্বৰ (হি স)। গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰত শ্ৰমিকসকল প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ প্ৰকৃত প্ৰাপ্য মজুৰি প্ৰদানৰ দাবীত এই প্ৰতিবাদ কৰিছে শ্ৰমিকসকল ।
নুমলীগড় শোধনাগাৰ গ্ৰেটাৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত বৃহস্পতিবাৰে পুৱাই শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰত শ শ শ্ৰমিকে দ্বাৰ সভাৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ২০১৮ চনৰ পৰা ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত মজুৰি চুক্তি অনুসৰি প্ৰাপ্য মজুৰি প্ৰদান আৰু নতুন মজুৰিৰ নিৰিখ ধাৰ্য কৰিবৰ বাবে নতুন সমিতি গঠনৰ দাবী জনায় ৷ আনহাতে বিগত সময়ৰ মজুৰি চুক্তি উলংঘনৰে আভুৱা ভৰা কোম্পানীৰ বিৰুদ্ধে এন আৰ এল কৰ্তৃপক্ষই ব্যবস্থা গ্ৰহণ কৰি শ্ৰমিক সকলক প্ৰাপ্য আদায় দিয়াৰ দাবী জনায় ৷ শ্ৰম আয়ুক্তৰ নিৰ্দেশ পালন কৰি শীঘ্ৰেই যথোচিত ব্যবস্থা গ্ৰহণৰ দাবী জনায় দ্বাৰ সভাৰ জৰিয়তে ৷ ইয়াৰ অন্যথা শ্ৰমিক সকলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
