–সন্দেহজনক ব্ৰাউন ছুগাৰ সহ আটক কৰিলে এজন সৰবৰাহকাৰীক
ধুবুৰী, অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ সফল অভিযান চলায়। প্ৰাপ্ত তথ্য মতে গোপন সুত্ৰৰ আধাৰত কালি সন্ধিয়াৰ ভাগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোলকগঞ্জৰ তামাৰহাট টাৰ্নিংত অভিযান চলায়। অভিযানত মফিজুল ৰহমান (৩০) নামৰ যুৱকৰ পৰা সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি ৯ টা কন্টেইনাৰ আৰু ৪ টা খালি কন্টেইনাৰ জব্দ কৰে।
লগতে নগদ ধন ১৩ হাজাৰ টকা জব্দ কৰে। উল্লেখ্য যে ধৃত মফিজুল ৰহমানে দীৰ্ঘ দিনৰ পৰা তামাৰহাট টাৰ্নিংত নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
