গোলাঘাট,১০ নৱেম্বৰ (হি.স.)। খৰালিৰ সময় চোৱাতো কাজিৰঙাৰ ৰাজপথত অব্যাহত আছে বন্যজীৱৰ অবাধ বিচৰণ। দিনে-নিশাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ অহা-যোৱা কৰি থাকে গঁড়-হাতীকে ধৰি বিভিন্ন বন্যজীৱ। কিন্তু খৰালিৰ সময়চোৱাত কাজিৰঙাৰ ৰাজপথত নাই পৰ্যাপ্ত সুৰক্ষামূলক ব্যৱস্থা। কাজিৰঙাৰ ৰাজপথত অসুৰক্ষিত বন্যজীৱ, অসুৰক্ষিত জনসাধাৰণ। দিনে-নিশাই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম বন্যজীৱৰ। বিপৰীতে প্ৰায় শূন্য সুৰক্ষামূলক ব্যৱস্থা।
যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে বিপদ। নিশা পোৱালিসহ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে এজনী গঁড়ে। চলন্ত বাহনৰ সন্মুখেৰেই পাৰ হৈ গৈছে গঁড় আৰু পোৱালি। বৃহস্পতিবাৰে নিশা কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত হৈছে এই দৃশ্য প্ৰত্যক্ষ কৰিছে প্ৰত্যক্ষদৰ্শী। হালধিবাৰীৰ এনিমেল কৰিডৰত এনেদৰেই নিশা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে গঁড় আৰু পোৱালি। নিশাৰ কাজিৰঙাত গঁড়-পোৱালিৰ এই নান্দনিক দৃশ্য দেখি আপ্লুট হৈ পৰে যান বাহনৰ আৰোহী। কিন্তু সেই সময়ত ৰাজপথত কোনো বনকৰ্মী নথকাত বিপদৰ আশংকাও কৰে সচেতন লোক সকলে।কেৱল নিশাৰ ভাগতে নহয়, দিনৰ ভাগতো কাজিৰঙাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে প্ৰায়ে ধাৱমান হয় বন্যজীৱ। কলিয়াবৰৰ দেওচুৰত ৰাজপথ অতিক্ৰম কৰি পোৱালিসহ হাতীৰ জাক কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱাৰ বিষয়ে বনকৰ্মী সংবাদ মাধ্যমক অবগত কৰিছে।
বৰ্তমান সময়ত নিশাৰ কাজিৰঙাৰ ৰাজপথত সুৰক্ষামূলক ব্যৱস্থাৰ পুতৌ লগা পৰিস্থিতি। বুঢ়াপাহাৰৰ পৰা বোকাখাত পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত নাই পৰ্যাপ্ত বন সুৰক্ষা কৰ্মী। জীৱ-জন্তু পাৰ হোৱা স্থান সমূহতো নাই সুৰক্ষামূলক ব্যৱস্থা। আনকি অকামিলা হৈ আছে কাজিৰঙাৰ ৰাজপথত যান বাহনৰ গতিবেগ নিৰীক্ষণৰ বাবে স্থাপন কৰা চেঞ্চৰ কেমেৰা সমূহো। প্ৰায় সকলো স্থানতে বিকল চেঞ্চৰ কেমেৰাৰ স্পীড মিটাৰৰ ডিচপ্লে। ফলত নিশাৰ ভাগত অত্যাধিক বেগত পাৰ হৈ গৈছে যান বাহন। বাৰিষাৰ সময়ত ৰাজ বন সুৰক্ষা কৰ্মী সষ্টম হৈ থকাৰ বিপৰীতে বৰ্তমান সময়ত সুৰক্ষামূলক ব্যৱস্থা প্ৰায় শূন্য কাজিৰঙাৰ ৰাজপথত। এনে অৱস্থাত বন্যজীৱ আৰু যান বাহনৰ আৰোহী দুয়োৰে ক্ষেত্ৰত যিকোনো সময়তে অঘটন ঘটাৰ আশংকা অধিক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
