নতুন দিল্লী, ০২ আগষ্ট (হি স)। ৰিয়াধত অনুষ্ঠিত ই স্প’ৰ্টছ বিশ্বকাপ ২০২৫ৰ দবা ইভেণ্টৰ তৃতীয় স্থানৰ প্লে অফ মেচত শুকুৰবাৰে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইচিয়ে আমেৰিকাৰ কিংবদন্তি হিকাৰু নাকামুৰাৰ হাতত ২.৫-৩.৫ ব্য়ৱধানত পৰাস্ত হয়।
এই মেচখন অতি ৰোমাঞ্চকৰ আছিল আৰু শেষৰ ষষ্ঠখন খেলতে সিদ্ধান্ত লোৱা হৈছিল। দুয়োজন গ্ৰেণ্ডমাষ্টাৰৰ মাজত দীৰ্ঘদিন ধৰি সমান চৰ্ত আছিল যদিও নিৰ্ণায়ক খেলখনত ক’লা টুকুৰাৰে খেলি থকাৰ সময়তে এৰিগাইচিয়ে এণ্ডগেমত অংশ ল’ব নোৱাৰিলে। সময়ৰ অভাৱত তেওঁ অবিৰত ভুল কৰিছিল, যাৰ সুযোগ লৈ নাকামুৰাই জয়ী হৈ তৃতীয় স্থান লাভ কৰিছিল।
এৰিগাছিয়ে মেচখন অতি সুন্দৰভাৱে আৰম্ভ কৰে। প্ৰথমখন খেলত বগা টুকুৰাৰে জয়লাভ কৰি দ্বিতীয়খন খেলত ড্ৰ’ কৰে। কিন্তু নাকামুৰাই শক্তিশালী প্ৰত্যাৱৰ্তন কৰি তৃতীয় আৰু চতুৰ্থখন খেলত জয়লাভ কৰি অগ্ৰগতি লাভ কৰে।
অৱশ্যে পঞ্চমখন খেলত এৰিগাইচিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি স্ক’ৰ ২.৫-২.৫ লৈ সমতা স্থাপন কৰে যদিও শেষৰখন খেলত হোৱা ভুলৰ বাবে তৃতীয় স্থান হেৰুৱাই পেলায়।
এই জয়ৰ জৰিয়তে নাকামুৰাই ১ লাখ ৪৫ হাজাৰ ডলাৰৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে চতুৰ্থ স্থান দখল কৰা এৰিগাইচিয়ে ১ লাখ ১৫ হাজাৰ ডলাৰ লাভ কৰে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
