নতুন দিল্লী, ০২ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ আখল অঞ্চলত শুকুৰবাৰে সন্ধিয়া আৰম্ভ হোৱা অভিযানত সেনাই যথেষ্ট সফলতা অৰ্জন কৰিছে। এই সংঘর্ষত জোৱানসকলে এজন সন্ত্ৰাসবাদীক হত্যা কৰিছে। দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সম্ভাৱনা আছে, যাৰ বাবে তালাচী চলাই আছে।
ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে এক্স পোষ্টত জনাইছে যে ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া দলে দক্ষিণ কাশ্মীৰৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যত ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে, যাৰ প্ৰত্যাক্রমণ হিচাপে নিৰাপত্তা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক হত্যা কৰে। এতিয়াও অপাৰেচন চলি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
