
কোকৰাঝাৰ, ০৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ পর্বতঝোৰাত বন্য হস্তীৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে । মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক এটাই বিচৰণ কৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে স্থানীয় লোকসকলে । মাক্ৰীঝোৰা গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতি (JFMC )ৰ অমৃত সৰোবৰ পুখুৰীৰ পাৰত ওলাই আহে বন্যহস্তীৰ এটা জাক।
উল্লেখ্য় যে গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতি (JFMC ) খনৰ পুখুৰীৰ পাৰত থকা দুটা সৌৰ শক্তিৰ লাইট ভাঙি তচনচ কৰে। ইফালে বন্যহস্তীৰ যাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন কৰ্মী দল আহি উপস্থিতহৈ তিনিটাকৈ হাতী খেদিবলৈ সক্ষম হয় যদিওঁ এটা হাতী দীৰ্ঘ সময়লৈকে জেএফএমচিৰ কাষতে ৰৈ যায়। পিছে হাতীটোক স্থানীয় ৰাইজে খাদ্য যোগান ধৰাৰ পিছত শান্ত সমাহিতভাৱে বানাঞ্চলত প্ৰবেশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
