গোলাঘাট, ২০ অক্টোবৰ। পূজাৰ আনন্দৰ মাজতে বোকাখাতত এক লোমহৰ্ষক ডকাইটিৰ ঘটনা সংঘটিত হৈছে। পুৱতি নিশা বোকাখাতৰ ৬ নং ৱাৰ্ডত সংঘটিত হয় ডকাইটি কাণ্ডটো। ৪ টা ডকাইটে এঘৰত সোমাই কাঢ়ি নিলে ৩ টা ম’বাইল।
বোকাখাতৰ লাট মণ্ডল প্ৰণৱ বৰাৰ বাসগৃহত উক্ত ডকাইটিৰ ঘটনাটো সংঘটিত হয়। প্ৰণৱ বৰাক খুকুৰিৰে আক্ৰমণ ডকাইটৰ দলটোৰ। ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল ডকাইটৰ দলটো।বোকাখাত আৰক্ষীৰ তদন্ত আৰম্ভ।
