কামৰূপ, ২৬ অক্টোবৰ(হি.স.)। দুৰ্গা পূজাৰ পাছত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ প্ৰস্তুতি। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰঙিয়াও। দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে ৬ দিনীয়া কাৰ্যসূচীৰে ৰঙিয়া পশ্চিম পাৰ বাঘবাড়ী বালিকুচিত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মী পুজা মহাযজ্ঞ আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান।
এই উপলক্ষ্যত তিনি দিনিয়াকৈ মহাযজ্ঞ আৰু আধ্যাত্মিক কাৰ্যসূচীৰ লগতে আমোদ প্ৰমোদৰ বাবেও কাৰ্যসূচী ৰাখিছে আয়োজক সমিতিয়ে। ইফালে বৃহত্তৰ ৰঙিয়া অঞ্চলত দ্বিতীয়টো লক্ষ্মী মন্দিৰ পশ্চিম পাৰ বাঘবাড়ীত প্ৰতিষ্ঠা কৰা হ’ব। আনহাতে মহাযজ্ঞৰ বাবে গাঁৱৰ শতাধিক মহিলাই কলহ লৈ ৰাজহুৱা পুখুৰীৰ পৰা পানী তোলে। অনুষ্ঠানক লৈ স্থানীয় ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা বিৰাজ কৰি আছে। অনুষ্ঠানত ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ
