গ্ৰেনাডা, ০৪ জুলাই (হি.স.)। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলৰ প্ৰথম দিনাই বৃহস্পতিবাৰে (ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে) ২৮৬ ৰানত অল আউট হৈছিল অষ্ট্ৰেলিয়া। অৱশ্যে এলেক্স কেৰী আৰু বিউ ৱেবষ্টাৰে ষষ্ঠ উইকেটৰ বাবে ১১২ ৰান ভাগ কৰি দলটোক ডাঙৰ সংকটৰ পৰা উদ্ধাৰ কৰে। দুয়োজন বেটছমেনে গুৰুত্বপূৰ্ণ অৰ্ধশতক অৰ্জন কৰি দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যায়।
অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও আৰম্ভণি বহুত বেয়া আছিল। প্ৰথম অধিবেশনতে দলটোৱে তিনিটা উইকেট হেৰুৱাইছিল। আলজাৰী জোচেফৰ ইন ছুইং বলত ১৬ ৰান সংগ্ৰহ কৰি এল বি ডব্লিউ আউট হৈছিল উছমান খোৱাজাই। ইয়াৰ পিছতে ছেম কনষ্টাছক এণ্ডাৰছন ফিলিপৰ বলত উইকেটকীপাৰে ২৫ ৰানত ধৰিলে। আঙুলিৰ আঘাতৰ বাবে প্ৰথম টেষ্টত খেলিব নোৱাৰা ষ্টিভ স্মিথে উভতি অহাৰ সময়ত মাত্ৰ ৩ ৰানহে কৰিব পাৰিছিল আৰু জোচেফৰ বলত আউট হৈছিল।
দুপৰীয়াৰ আহাৰ খোৱাৰ ঠিক আগতে কেমেৰন গ্ৰীনে জীৱনদান পাইছিল যদিও একেটা অভাৰৰ শেষৰ বলত তেওঁ গলিত আউট হৈছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ট্ৰেভিছ হেডেও বেছি সময় নাথাকিল আৰু শ্বামাৰ জোচেফৰ বলত উইকেটকীপাৰ শ্বাই হোপে কেচ আউট কৰে। সেই সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৫ উইকেটত ১১০ ৰান।
ইয়াৰ পিছতে এলেক্স কেৰী আৰু বিউ ৱেবষ্টাৰে ইনিংছটো দখল কৰে। কেৰীয়ে আক্ৰমণাত্মক বেটিং কৰি ফিলিপ, ছিলছ আৰু জাষ্টিন গ্ৰীভছৰ দৰে বলাৰক কোবায়। তেওঁ বহু আকৰ্ষণীয় চাৰিটা মাৰি ৬৩ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল। ৱেবষ্টাৰে সংযমেৰে বেটিং কৰি ৮৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি মুঠ ৬০ ৰান সংগ্ৰহ কৰে। তেওঁ ৰাণ ল’বলৈ চেষ্টা কৰি থাকোঁতে তেওঁ ৰান আউট হৈছিল।
বৰষুণৰ বাবে খেলখন কিছু সময়ৰ বাবে স্তব্ধ হৈ আছিল যদিও পুনৰ আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ ইনিংছ ক্ষিপ্ৰতাৰে সমাপ্ত হয়। অধিনায়ক পেট কামিন্স আৰু মিচেল ষ্টাৰকে বিশেষ অৰিহণা যোগাব নোৱাৰিলে। অৱশেষত ৬৭ নং অভাৰত ২৮৬ ৰান সংগ্ৰহ কৰি সমগ্ৰ অষ্ট্ৰেলিয়ান দলটো অল আউট হয়। শেষ উইকেট হিচাপে আউট হৈছিল নাথান লায়ন। ৱেষ্ট ইণ্ডিজৰ হৈ আলজাৰী জোচেফে সৰ্বোত্তম বলিং কৰি ১৫.৫ অভাৰত ৬১ ৰানত ৪টা উইকেট দখল কৰে।
অষ্ট্ৰেলিয়াৰ ইনিংছ শেষ হোৱাৰ পিছত ৱেষ্ট ইণ্ডিজৰ দলটোৱে বেটিং কৰিবলৈ ওলাই আহিছিল যদিও পোহৰৰ অভাৱৰ বাবে ষ্টাম্প ঘোষণা কৰা হয় আৰু প্ৰথম দিনাৰ খেল তাতেই শেষ হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
