নগাঁও, ২৪ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্রদানৰ দাবীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেচনৰ উদ্যোগত কামপুৰ দলং তিনিআলি, কামপুৰ বজাৰ, তেতেলীসৰা, কঠীয়াতলী আৰু বামুনীত এক ন্যায় যাত্রা আৰু প্রতিবাদী সমাবেশ অনুষ্ঠিত হয়। সকলো অনুষ্ঠানতে জুবিন গাৰ্গৰ প্রতি শতাধিক লোকে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা পদপথৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি জুবিন গাৰ্গৰ বাদ্যযন্ত্রী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ সৈতে থকা সান্নিধ্যৰ বিষয়ে উল্লেখ কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্রদানৰ দাবী জনায়।
প্ৰতিবাদী সমাবেশত ৰেৱতী মোহন ফাউণ্ডেচনৰ অন্যতম উদ্যোক্তা বিভূতি ভূষন বৰঠাকুৰে জুবিন জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াত আবেগৰ লগতে বিবেকৰ দ্বাৰাও যাতে পৰিচালিত হওঁক তাৰ বাবে ৰাইজক আহ্বান জনায়। কাৰণ আদালতৰ মজিয়াত সুৰুঙা নথকা অভিযোগ নামা শুদ্ধ সাক্ষ্য প্ৰমাণ আদি যাতে সঠিক ভাবে চৰকাৰে দাঙি ধৰে তাৰ প্ৰতি আমি সচেতন হব লাগিব বুলি মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত কেবাগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ কালজয়ী গীত সমূহ পৰিবেশন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
