
বৰপেটা, ০৭ অক্টোবৰ (হি.স.): নেৰেনেপেৰা বৰষুণত বৃদ্ধি পাইছে সৰভোগৰ বেকী নদীৰ জলপৃষ্ঠ । যোৱা কিছুদিন ধৰি নেৰেনেপেৰা বৰষুণত সৰভোগৰ বেকী নদীত বৃদ্ধি পাইছে জলপৃষ্ঠ ।
ইফালে চুবুৰীয়া দেশ ভূটানৰ পৰা পানী এৰি দিয়াৰ সন্দেহ কৰিছে ভুক্তভোগী ৰাইজ সকলে । যোৱা কালি সোমবাৰে নিশা হঠাতে সৰভোগৰ বিভিন্ন প্ৰান্তৰ সাহপুৰ, চেঙেলীয়া গোলাবাৰী আদি অঞ্চলত বানপানী সৃষ্টি হৈছে। মানুহৰ ঘৰে ঘৰে বেকী নদীৰ বানপানীৰ তাণ্ডৱ চলিব ধৰিছে। ক্ষয় ক্ষতি হৈছে সৰ্বসাধাৰণ ৰাইজৰ। এই বাঢ়নী পানীয় আতংক বিৰাজ কৰিছে নৈ কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত।
উল্লেখ্য যে ভূটানৰ পৰা নামি অহা পানীৰ ধলত অসমৰ নামনি অঞ্চলত ইয়াৰ পূৰ্বেও মহা প্ৰলয়ৰ সৃষ্টি হৈছিল। ভেৰগাঁও, বাসুগাঁও, উত্তৰ অভয়াপুৰী, ৰঙিয়া, ছিপাঝাৰতো এই পানীয়ে বিগত সময়ত আতংকৰ সৃষ্টি কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
